Old school Swatch Watches
মুখ্যপৃষ্ঠালৈ যাবলৈ ইয়াত ক্লিক কৰক
জয়মতীৰ মালিতা ( দ্বিতীয় খণ্ড )
✍ ණডাম চাও কৃপানাথ ফুকন
গদাপাণিৰ পলায়ন:
চুলিকফা ল'ৰাৰজা সিংহাসনত বহিলে
ষোল্লশ উন্নাশী চন ৷
লালুকৰ কথাতে কোঁৱৰবোৰক মাৰিলে
সদায় ৰজা হ'বৰ মন ৷৷
ৰাজপাটৰ যোগ্য কোঁৱৰ সকলক
কাণ কাটি ঘূণীয়া কৰি ৷
সকলো কোঁৱৰৰ কাণত চিন লগালে
ৰাজপাটৰ অযোগ্য কৰি ৷৷
তুঙখুঙীয়া ফৈদৰ লাঙি গদাপাণি
গোবৰ ৰজাৰ সন্তান ৷
ল'ৰাৰজাৰ ভয়ত পলাবলৈ ধৰিলে
নিদিলে কাটিব কাণ ৷৷
ল'ৰাৰজাৰ গুপ্তচৰে ধৰিব নোৱাৰি
ৰজালৈ বাতৰি দিলে ৷
পাছে ল'ৰাৰজাই মনত ভয় পাই
সৰহকৈ দূত পাচিলে ৷৷
লাঙি গদাপাণিক ধৰিব নোৱাৰি
ল'ৰাৰজা বিহ্বল হৈ ৷
কুকুৰা চোৱা চাউদাঙক আদেশ কৰিলে
গদাপাণিক ধৰি আনগৈ ৷৷
কটাৰ উপৰি কটা ঐ চাউদাঙ
কটাৰ উপৰি কটা ৷
লাঙি গদাপাণিক যেয়ে ধৰি আনে
তাকে দিম বোলে বঁটা ৷৷
চৰাই হৈ নেৰিলে বাঁহৰ পোৱালি
মাছেও নেৰিলে পোণা ৷
ঘৰ-বাৰী এৰি গদাপাণি পলালে
পাচলৈ কি হ'ল শুনা ৷৷
এৰিব নোৱাৰি আপোনাৰ জাতিকুল
নেৰো চেনেহুৱা মাক ৷
স্নেহৰ ঘৰবাৰী গদাপাণিয়ে এৰি গ'ল
কালৰ ছাটি মৰা পাক ৷৷
এৰিব নোৱাৰি চেনেহৰ তিৰোতা
এৰিব নোৱাৰি ল'ৰা ৷
হেনে ল'ৰা তিৰোতা যিজনে এৰিব
জীৱন্তে জানিবা মৰা ৷৷
গদাপাণি পলায় গৈ যত যি কৰিলে
তাৰ আদি অন্ত নাই ৷
নগাৰ চাঙে চাঙে পলাই ফুৰিছিলে
নগাৰ কচু টেপু খায় ৷৷
প্ৰথমতে গৈ লাঙি গদাপাণি
মেটেকাত পালেগৈ যায়
বগী পোহাৰীয়ে লুকুৱাই ৰাখিলে
ৰজাদেৱলৈ মুখলৈ চাই ৷
তাৰ পৰা পলায় গৈ
ললেগৈ নগাৰ সংগ ৷
নগা ডেকাহঁতে ফুৰে লগ লাগি
ৰাতিলৈ ৰাখে মৰঙ ৷
দুখে কষ্টে নগাচাং এৰি শদিয়াত
ললেগৈ ঠাই
পাট শদিয়াত লক্ষীপথাৰত আছিলে গৈ
পলায় ৷
পাট শদিয়াত চিৰিং বুঢ়া-বুঢ়ীৰ কপালত
পো-জী নাই
চিৰিঙৰ ঘৰতে লাঙি গদাপাণি বুঢ়া-
বুঢ়ীৰ লগতে
সুখেৰে আছিলে খায় ৷৷
লখিমী পথাৰৰ দক্ষিণৰ কোণলৈ
আছে বুঢ়া-বুঢ়ীৰ স্থান ৷
বুঢ়া-বুঢ়ীৰ স্থানৰ উত্তৰ কোণলৈ
আছিলে এখনি জান ৷৷
সেইখন জানতে গাঁৱৰ গঞাহঁতে
ঠুহা-চেপা পাতে ভাগে ভাগে
শিঙিয়ে মাগুৰে পুঠি খলিহনা
খালৈয়ে খালৈয়ে ধৰে ৷৷
দেখি গদাপাণি সুদাভাত জানি
মনত জন্মিলে হেঁপাহ ৷
বুঢ়া-বুঢ়ীক সুধি সবাতকৈ নামনিত
পাতিলে গোদাদিয়েক চেপা ৷৷
ৰাতিপুৱা যায় সকলো ল'ৰাই
মাছ ভাগে ভাগে পালে ৷
গদাপাণিৰ চেপাত যিবোৰ লাগিল
কিবাহে উলিয়াই খালে ৷৷
ইয়াৰ সম্ভেদ পাবৰ নিমিত্তে ৰাতি
দুপৰ ভাগত অকলে হাবিত গৈ আছিলে
জুপি ৷৷
অকলশৰে বহি লাঙি গদাপাণি
নিজান নিতাল বনত ৷
ভাৰ্য্যা আৰু দুটি পুত্ৰক ভাৱি
অগনি জলিলে মনত ৷
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।
Log in