XtGem Forum catalog

image
মুখ্যপৃষ্ঠালৈ যাবলৈ ইয়াত ক্লিক কৰক

জয়মতী কুঁৱৰীৰ মালিতা চতুৰ্থ
খণ্ড


জয়মতীৰ ক্ৰন্দন


মাদুৰী চহৰত ডাঙৰ হৈ আছিলো
লাই থেপেনা বৰগোঁহাইৰ জী,
গদাপাণি কোঁৱৰে নিয়ে টিংখালৈ
চকলং বিয়াকৈ দি ৷
এঘাৰজনী মাহী আই চন্দ্ৰদাৰু আইতা
মোৰে জন্মদাত্ৰী আই,
মৰিবৰ সময়ত দৰশন নেপালো
মোৰ মান অভাগী নাই ৷
গংগাপ্ৰভা, অৰুণমতী, অভয়মতী,
লাইমতী
ৰংমলা চেনেহৰ মাহী,
জনা, সৰুমলা, চন্দ্ৰিকা, কমলা
অমৰাৱতী মোহিনী হাঁহি ৷
সবাতোকৈ মোৰ নুমলীয়া মাহী
অলকা সুন্দৰী আই,
বিপদৰ সময়ত কাকো নেদেখিলো
বিধিয়ে বঞ্চিলে হায় ৷
তেৰ বাই-ভনী মৰম বেথাৰে
ঘৰ আছিলো শুৱনি কৰি,
বিজয়মতী জয়মতী, জয়প্ৰভা, জয়কান্তি
জয়তৰা আৰু জয়েশ্বৰী ৷
জনপ্ৰভা, জয়দা, অঞ্জনা, ৰত্নপ্ৰভা
চেংমতী ধুনীয়া জনী,
হীৰামতী, শুক্লমতী কাকো
নেদেখিলো
মৰণে ধৰিছে টানি ৷
হৰিনাথ, পৰমানন্দ, আনন্দ, সুনন্দ
চেংকং, নুমলীয়া নাম,
নিৰ্ভৰ, নদৰাম, নৰনাথ গোঁহাইদেউ
ৰুপে গুণে অনুপম ৷
দুৰ্গেশ্বৰ, তুষেশ্বৰ, জয়ৰাম, ধনীৰাম
মালভোগ, গোবিন্দৰাম,
কমলা, কৰুণা, ভদ্ৰনাথ , ৰাধানাথ
সাক্ষাতে যেনিবা ৰাম ৷
সৰুধন, বুধন, ৰদাও, ৰামধন
জয়ৰাম চেনেহৰ ভাই,
ছঅঁৰা ককাই-ভাই দৰিশন নেপালো
মোৰ মান অভাগী নাই ৷
মেন বৰগোঁহাই দেউতাৰ ককায়েক
চেনেহুৱা নিচাদেউ মোৰ,
ধৰা প্ৰভা নামাৰে এপাদেউ আছিলে
ওঁঠত তামোলৰ বোল ৷
লাই-লেছাইক লগত লৈ শাশুআইৰ লগতে
আছিলো আনন্দ কৰি,
ল'ৰাৰজাৰ হুকুমত মোক শাস্তি কৰে
ছঁঅৰা চাউদাঙে ধৰি ৷
( ল'ৰাৰজাৰ অত্যাচাৰত নিৰুপায় হৈ
সতী জয়মতীৰ ঈশ্বৰত দেহ অৰ্পণ)
হেঃ লেংদন কুলৰ পুথাদেউ
তুমি দেখি আছা সাক্ষী,
প্ৰৱাসত ফুৰিছে স্বামী গদাপাণি
সততে ফুৰিবা ৰাখি ৷
হে, চন্দ্ৰ দেৱ দেৱতা প্ৰধান
তুমি দেখি আছা সাক্ষী,
মোৰ দুই পুত্ৰ লাই লেছাই কোঁৱৰক
সততে থাকিবা ৰাখি ৷
চ্যাও নুৰূ চ্যাও কা ঐ ৷ ৩৷৷
ফা তু চিং ফ্ৰং হুম, ফা লাই বেত ,ফা
পিন বেত
ফা ফুৰা ত্ৰা আলম চিকিয়া ৰাণি পান
বই
মউ চ্যাও নুৰূ চ্যাও কা ঐ ৷৷
চ্যাও ফা ফেত , খাম খাম বন খাম খাম
তু মুউ তু তে লুক ৰে ফা চাং দাম৷৷
চং চাও জা নাং ম্যুং কেপ চন খাম,
চং চাও জা ম্যুং কে চন বুং ৷৷
পি পায় নাং লাই দাই, খন পাই নং
লাই চম,
বন খাম খাম তু তে ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
পু খাও খাম, ছয় কুম জা খাও খাম ছয়
খেন ৷৷
পু দাং ৰি জা দাং ৰি, পু তা লাক জা
তা
লাক পু ঐ পু আ জাক জা মন ৷৷
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
আই লেংদিন ফু কুৰু,
বাও লেং দি ফু বাএ ৷৷
হেও হেত ফি
চ্যাও নুৰু চ্যাও কা ঐ ৷৷
চ্যাও ফুৰা ত্ৰা ফু ৰা তা ৰা আ লং চি
কিয়া
ৰাণি পান বই মউ চ্যাও কা ঐ ৷৷
হে, ত্ৰিজগতৰ হৰ্তা কৰ্তা বিধাতা,
সৰ্ব ব্যাপক, সৰ্বত্ৰ জ্ঞানক যাৰ বলে
বিশ্বজগত সঞ্চাৰন হৈছে, সেই ফুৰা
লুঙক প্ৰণাম কৰোঁ ৷ ফুৰালুঙ প্ৰভো তুমি
আত্মাৰুপে সৰ্বাৰো আত্মাত আছা ৷
সকলোকে চলাইছা সৃষ্টি , স্থিতি লয়
প্ৰলয় আদি তোমাৰ ইচ্ছাত ঘটে,
তোমাতেই বিশ্বজগত লীন হয় ৷ তুমি
ফুৰা, মোক সংসাৰৰ দুখ ক্ষমি তোমাৰ
নিৰ্বাণ মুক্তি দিয়া যাতে এই গুণময়
অবিশ্বাসী জগতত জনম আৰু মৰণ নহয় ৷
এই বুলি প্ৰাৰ্থনা কৰি জয়মতী কুঁৱৰীয়ে
দেহ ত্যাগ কৰে ৷
নিজৰ বিপদলৈ কটাক্ষ নকৰি
দেশৰ কুশল চিন্তি,
সতী জয়মতী নিজ দেহা এৰি
গ'ল বৈকুণ্ঠপুৰী ৷